গোৱাৰ ৰাজধানী পানাজীত চলি থকা ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি অষ্টম দিনা যদুমণি দত্তই পৰিচালনা কৰা জুইফুল ছবিখন প্ৰদৰ্শিত হ’ব। ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত ছবিখন ইউনেস্ক’ গান্ধী মেডেলৰ কাৰণে প্ৰতিযোগিতা শিতানত অৱতীৰ্ণ হৈছে। অসম-নাগালেণ্ডৰ সীমা বিবাদৰ প্ৰেক্ষাপটত দুয়োটা সম্প্রদায়ৰ দুগৰাকী মাতৃৰ মাজত গঢ়ি উঠা সম্পৰ্কৰ আলমত নিৰ্মাণ কৰা চিনেমাখন পৰ্বৰীমৰ প্রদর্শনস্থলীত সন্ধিয়া প্ৰদৰ্শন কৰা হ’ব। উল্লেখযোগ্য যে চলিত বছৰত জুইফুলকে ধৰি অসমীয়া ভাষাৰ তিনিখন চিনেমা ভাৰতীয় পেনোবামালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ ভিতৰত ৰাজেশ ভূঞাৰ পৰিচালনাৰ স্বৰ্গৰথ ২৫ বছৰৰ বিবর্তিত অসমৰ পৰা মূলসুঁতিৰ শাখালৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে ববী শৰ্মা বৰুৱাৰ ৰ’দব পাখিও ভাৰতীয় পেনোৰামাত প্রদর্শিত হয়। কাইলৈ মহোৎসৱৰ অন্তিম দিন। চেক-ইংৰাজী আৰু জার্মান ভাষাত নিৰ্মিত বহদান শামাই পৰিচালনা কৰা ড্রাই ছিজন শীর্ষক চিনেমাখনেৰে প্ৰতিযোগিতাৰ প্ৰদৰ্শনৰ সামৰণি পৰিব।
Assamese | November 27, 2024 12:19 PM | iffi
৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি অষ্টম দিন