May 20, 2024 1:15 PM | Election update

printer

৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰণনাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ

অহা ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে জিলা প্ৰশাসনসমূহে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্রহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। ৰাজ্যখনৰ ১৪ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ১৪৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা আই ভি এমসমূহ ৫০ টা স্ট্রং ৰূমত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে। ইপিনে, কালি গুৱাহাটীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ উদ্যোগত দলৰ কাউণ্টিং এজেণ্টসকলৰ বাবে বিশেষ প্রশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই প্ৰশিক্ষণ প্ৰদান কৰা এই কাৰ্যসূচীত অংশ লৈ বৰঠাকুৰে কম ভোটৰ ব্যৱধানত হ’লেও গুৱাহাটী সমষ্টিত জয়লাভ কৰিব বুলি দাবী কৰে।