৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অহা বছৰ ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ডত অনুষ্ঠিত হ’ব। ভাৰতীয় অলিম্পিক সংস্থাই চলিত মাহৰ ২৫ তাৰিখে ৰাষ্ট্ৰীয় ক্রীড়াৰ বাবে সম্পূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ক্রীড়াৰ উপৰিও উত্তৰাখণ্ডে শীতকালীন ৰাষ্ট্ৰীয় ক্রীড়াও অনুষ্ঠিত কৰিব। নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিয়ে ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি প্রীতি ঊষাক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, উত্তৰাখণ্ডে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ ৰূপে প্ৰস্তুত। তেওঁ খেলুৱৈ আৰু দৰ্শকসকলক সম্পূৰ্ণ সুবিধা প্ৰদান কৰিব বুলিও প্রতিশ্রুতি দিয়ে।
Assamese | October 10, 2024 12:09 PM | national games
৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অহা বছৰৰ ২৮ জানুৱাৰীত উত্তৰাখণ্ডত আৰম্ভ হ’ব