উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্রীয় ক্রীড়া সমাৰোহত অসমে এতিয়ালৈকে ৩টা সোণ, ১৫টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ ৩৩টা পদক অৰ্জন কৰিছে। আজি নেটবল, টেবুল টেনিছ, জিন্নাষ্টিক আৰু জুডোত পদক জয়ৰ বাবে অসমৰ খেলুৱৈসকল অৱতীৰ্ণ হ’ব। আজি পুৰুষৰ টেবুল টেনিছৰ ডাবলছত প্রিয়ানুজ ভট্টাচাৰ্যৰ নেতৃত্বত অসমে প্রথম খেলত অৱতীৰ্ণ হ’ব।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে লনবল পেয়াৰ শিতানত অসমৰ নয়নমণি শইকীয়া আৰু বনগীতা হাজৰিকাৰ যুটীটোৱে কালি স্বর্ণ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। ইয়াৰ লগতে পুৰুষৰ এশ মিটাৰ ফাইনেলত অম্লান বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে টাইকোৱাণ্ডোৰ গ্ৰুপ পমচি শিতানত অসমৰ মৰ্ণিতা আচাৰ্যী, বেনলা কাম্পায় আৰু পঞ্চমী দাসৰ দলটোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে লনবলৰ তিনিটা শিতানত ছেমি ফাইনেলত প্ৰৱেশ কৰি অসমে ইতিমধ্যে পদক নিশ্চিত কৰিছিল।
Assamese | February 9, 2025 11:41 AM | 38th National Games
৩৮ সংখ্যক ৰাষ্ট্রীয় ক্রীড়া সমাৰোহত অসমৰ ৩টা সোণ, ১৫টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ ৩৩টা পদক অৰ্জন