কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, কেৱল আন্তঃৰাষ্ট্ৰীয় সহযোগিতাইহে বিশ্বৰ উমৈহতীয়া অঞ্চলসমূহ সুৰক্ষিত কৰি ৰখাৰ লগতে সমগ্ৰ বিশ্বৰ পন্য সামগ্রী বিতৰণ সুনিশ্চিত কৰিব। লাউচৰ ৰাজধানী ভিয়েণ্টিয়ানত আজি অনুষ্ঠিত ৩১ সংখ্যক আছিয়ান আঞ্চলিক মঞ্চত অংশগ্ৰহণ কৰি তেওঁ কয় যে, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ বা বিশ্বায়নৰ আন্তঃনিৰ্ভৰশীলতাক অন্যায়ভাৱে ব্যৱহাৰ কৰা উচিত নহয়। ড০ জয়শংকৰে লগতে কয় যে, কোভিড মহামাৰী, গোলকীয় সংঘাট আৰু জলবায়ুৰ পৰিৱৰ্তনে বৰ্তমানৰ সমস্যাসমূহ অধিক জটিল কৰি তুলিছে। অর্থনৈতিক, ৰাজনৈতিক, প্ৰযুক্তিগত আৰু যোগাযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এইসমূহৰ সহযোগিতাইহে সমস্যাৰ সমাধান কৰিব পাৰিব। বিশ্বজুৰি দেখা দিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো দেশকে একত্ৰিত হোৱাৰ আহ্বান জনাই তেওঁ লগতে কয় যে, ৰাষ্ট্ৰসংঘই নিষিদ্ধ ঘোষণা কৰা সন্ত্ৰাসবাদী সংগঠনসমূহৰ অর্থনৈতিক সংযোগ বিচ্ছিন্ন কৰাটো সকলোৰে লক্ষ্য হোৱা উচিত। সমান্তৰালকৈ মন্ত্ৰীগৰাকীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধেও দেশসমূহক একত্ৰিত হোৱাৰ আহ্বান জনায়।
Assamese | July 27, 2024 9:13 PM | S Jaishankar
৩১ সংখ্যক আছিয়ান আঞ্চলিক মঞ্চত বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ