গোৱাত আজিৰে পৰা অনুষ্ঠিত হবলগীয়া ২৯ সংখ্যক শক্তি প্রযুক্তি সন্মিলনত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। অ’ এন জি চি এডভান্সড ট্রেইনিং ইনষ্টিটিউটত আয়োজিত এই সন্মিলনৰ অহা ২৯ অক্টোবৰত সামৰণি পৰিব। হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডে যুটীয়াভাৱে এই সন্মিলনৰ আয়োজন কৰিছে৷ সন্মিলনৰ বিষয়বস্তু হৈছে “শক্তিসম্পদৰ উদ্ভাৱন ত্বৰান্বিতকৰা : গৱেষণাৰ পৰা বাণিজ্যিকীকৰণলৈ”।
Assamese | October 27, 2026 12:51 PM | Goa
২৯ সংখ্যক শক্তি প্রযুক্তি সন্মিলনত হৰদীপ সিং পুৰীৰ মুখ্য অতিথি হিচাপে অংশগ্রহণ