May 12, 2024 8:22 PM | Kami Rita Sherpa

printer

২৯ বাৰ এভাৰেষ্টত আৰোহনেৰে নেপালৰ পর্বতাৰোহী কামী ৰীতা শ্বেৰ্পাৰ অভিলেখ

নেপালৰ প্ৰখ্যাত পর্বতাৰোহী কামী ৰীতা শ্বেৰ্পাই আজি ২৯ বাৰৰ বাবে বিশ্বৰ আটাইতকৈ ওখ শৃংগ এভাৰেষ্টত আৰোহন কৰি সৰ্বাধিক বাৰৰ বাবে এভাৰেষ্ট জয় কৰা তেওঁৰ নিজৰেই অভিলেখ ভংগ কৰে। নেপালৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ পৰ্যটন বিভাগৰ সঞ্চালক ৰাকেশ গুৰুঙে প্ৰকাশ কৰে যে, ৫৪ বছৰ বয়সীয়া পৰ্বতাৰোহীগৰাকীয়ে স্থানীয় সময় অনুসৰি পুৱা ৭ বাজি ২৫ মিনিটত ৮ হাজাৰ ৮৪৯ মিটাৰ ওখ শৃংগটোত আৰোহন কৰে। চেৱেন চামিত ট্ৰেকছ নামৰ সংস্থাটোৰ নেতৃত্বৰ দলটোত ২০গৰাকী পর্বতাৰোহী আছিল ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।