কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ- চি বি এছ ইয়ে ফেব্ৰুৱাৰীত হ’বলগীয়া কেন্দ্রীয় শিক্ষক যোগ্যতা নিৰূপণকাৰী পৰীক্ষা চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূর্ণ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক সকাহ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। চি বি এছ ইয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই পৰীক্ষাৰ বাবে যোৱা ২৭ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনলাইন আবেদনৰ প্ৰক্ৰিয়া মুকলি আছিল যদিও সময়সীমা উকলি যোৱাৰ পাছত পৰিষদে প’ৰ্টেলৰ বিসংগতিৰ বাবে আবেদন সম্পূর্ণ কৰিব নোৱাৰা বুলি একাংশ শিক্ষার্থীৰ পৰা অভিযোগ লাভ কৰিছিল। পৰিষদে বিষয়টো চালিজাৰি চাই পঞ্জীয়ন প্রক্রিয়া আৰম্ভকৰা অথচ আবেদন প্রক্রিয়া সম্পূর্ণ নকৰা এক লাখ ৬১ হাজাৰৰো অধিক শিক্ষার্থীক আবেদন সম্পূর্ণ কৰাৰ সুযোগ প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে।
Assamese | December 28, 2025 10:47 AM | CTET
২৭ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চি-টেটৰ বাবে অনলাইন আবেদনৰ প্ৰক্ৰিয়া মুকলি