April 20, 2024 8:06 PM | 2nd phase election

printer

২৬ এপ্ৰিলত দেশৰ ৮৭ টা সংসদীয় সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনত ১,১৯৮ গৰাকীৰ প্ৰতিদ্বন্দিতা

দ্বিতীয় পর্যায়ত অহা ২৬ এপ্ৰিলত দেশৰ ৮৭ টা সংসদীয় সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনত এহেজাৰ ১৯৮ গৰাকীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। দ্বিতীয় পৰ্যায়ত অসমত ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। কৰিমগঞ্জত ২৪, নগাওঁত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। এই পৰ্যায়ত ৰাজ্যখনৰ দৰং-ওদালগুৰি সমষ্টিত এন ডি এৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শ‍ইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গাদাস বড়োয়ে প্রতিদ্বন্দিতা আগবঢ়াব। ইপিনে, শিলচৰত বিজেপি মিত্রজোটৰ পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধাশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্য্যকান্ত সৰকাৰে প্রতিদ্বন্দিতাত অৱতীৰ্ণ হব। কৰিমগঞ্জত বিজেপি মিত্রজোটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰী আৰু এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দিতা কৰিব। নগাঁও সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুত বৰদলৈ আৰু এ আই ইউ ডি এফৰ আমিনুল ইচলামে প্রতিদ্বন্দিতা কৰিব। অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপি মিত্ৰজোটৰ হৈ অমৰ সিং টিছ’, কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বার্নার্ড চাংমাই প্রতিদ্বন্দিতা কৰিব। উল্লেখযোগ্য যে সমগ্র দেশত দ্বিতীয় পর্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত সামগ্রিকভাৱে ৮.৬ শতাংশ মহিলা প্রার্থী আছে। এই পৰ্যায়ত অসম আৰু ত্ৰিপুৰাত দুগৰাকীকৈ মহিলা প্রার্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব বুলি জানিব পৰা গৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ ভিতৰত মহিলা প্রার্থী ৮.২ শতাংশ আছিল। দ্বিতীয় পৰ্যায়ত কেৰালাত সৰ্বাধিক ২৫ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। আনহাতে, কর্ণাটকত ২১ গৰাকী আৰু উত্তৰ প্ৰদেশত ১০ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব।