বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ প্ৰতিনিধিয়ে অহা ২২ জুনৰ পৰা ২৫ জুনলৈ জম্মু, শ্রীনগৰ, কার্গিল আৰু লেহলৈ কৰিবলগীয়া যাত্ৰাৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা সমিতিয়ে কালি বিস্তৃত আলোচনা অনুষ্ঠিত কৰে। লোকসভা সচিবালয়ৰ সামাজিক মাধ্যমৰ এটা বার্তাত প্রকাশ পোৱা মতে বৈঠকত কমিটীৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ ড° শশী ঠাৰুৰে অধ্যক্ষতা কৰে। এই আলোচনাত ভাৰত-চীন সম্পৰ্কৰ বুজাবুজি আৰু আৰু ভাৰত-পাকিস্তান সম্পৰ্কৰ শেহতীয়া অগ্ৰগতিৰ পৰিপ্ৰেক্ষিতত আগুৱাই যোৱাৰ পথ নিৰ্ধাৰণ কৰা হয়।
Assamese | June 20, 2026 12:33 PM | Foreign Ministry Meeting
২২-২৫ জুনলৈ জম্মু, শ্রীনগৰ, কার্গিল, লেহলৈ কৰিবলগীয়া যাত্ৰা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা সমিতিৰ আলোচনা