ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আজি ঘোষণা কৰা আই পি এলৰ সূচী অনুসৰি অহা ২২ মাৰ্চৰ পৰা এইবাৰৰ টি-২০ ক্রিকেট প্রতিযোগিতাখন অনুষ্ঠিত হ’ব। কলকাতাৰ ইডেন গার্ডেনত হ’বলগীয়া উদ্বোধনী খেলখনত কলকাতা নাইট ৰাইডাৰ্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি হ’ব। দেশৰ মুঠ ১০টা স্থানত এইবাৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৰাজস্থান ৰয়েলছৰ হোমগ্রাউণ্ড গুৱাহাটীত দুখন খেল অনুষ্ঠিত হ’ব। অহা ২৬ মাৰ্চত গুৱাহাটীত হ’বলগীয়া খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ’ব। ৩০ মাৰ্চত গুৱাহাটীত হ’বলগীয়া আনখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব। আই পি এলৰ ফাইনেল খেলখন ২৫ মে’ত ইডেন গার্ডেনত অনুষ্ঠিত হ’ব।
Assamese | February 16, 2025 8:42 PM | IPL Cricket
২২ মাৰ্চৰ পৰা আৰম্ভ হব আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতা