উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে বহনক্ষম উন্নয়ন এতিয়া কোনো বিকল্প নহয়, বৰং এয়া হৈছে একমাত্র উপায়। নতুন দিল্লীত কালি ২১ সংখ্যক আফ্রিকীয়-এছিয় গ্রাম্য উন্নয়ন সংস্থা সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দি শ্রীধনখড়ে এইদৰে কয়। তেওঁ কয়, যে গ্ৰাম্য খণ্ডৰ সহায়ৰ জৰিয়তেহে বহনক্ষম উন্নয়নৰ ভেঁটি স্থাপন কৰিব পাৰি। গোলকীয় দক্ষিণ অর্থাৎ অর্থনৈতিক আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত তুলনামূলকভাৱে পিছপৰা ৰাষ্ট্ৰসমূহক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগী আছিল বুলি উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে কৃত্রিম বুদ্ধিমত্তা, দা ইণ্টাৰনেট অৱ থিংগছ, ব্লকচেইন আদিৰ দৰে হানিকাৰক প্ৰযুক্তিৰ উখানে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলেও এই প্রযুক্তিসমূহে বহু সুযোগে মুকলি কৰিছে।
Assamese | February 22, 2025 11:38 AM | VP
২১ সংখ্যক আফ্রিকীয়-এছিয় গ্রাম্য উন্নয়ন সংস্থা সন্মিলনত উপ-ৰাষ্ট্ৰপতিৰ উদ্বোধনী ভাষণ