ভাৰতে অহা ২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত প্ৰথম বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন সন্মিলন ৱেভছ আয়োজন কৰিব। দিল্লীত কালি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে, ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ চলচ্চিত্র নির্মাণকাৰী ৰাষ্ট্ৰসমূহৰ অন্যতম। তেওঁ কয় যে, ৱেভছ সন্মিলন দেশৰ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যৎ গঢ় দিয়াৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰূপে পৰিগণিত হ’ব। এই উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ৱেভছ দেশৰ মনোৰঞ্জন উদ্যোগৰ বিকাশৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰূপে পৰিগণিত হ’ব। মিডিয়া আৰু মনোৰঞ্জন উদ্যোগত অধিক কর্মসংস্থাপন সৃষ্টিত গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | July 14, 2024 12:19 PM | WAVES
২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত ভাৰতৰ প্ৰথম বিশ্ব দৃশ্য শ্রাব্য মনোৰঞ্জন সন্মিলন