২০২৮ বৰ্ষৰ লছ এঞ্জলেছ অলিম্পিকৰ ক্ৰিকেট খেলসমূহ পমনাৰ মেলাথলীত নির্মিত অস্থায়ী খেলপথাৰত খেলোৱা হ’ব। অলিম্পিক আয়োজক সমিতিয়ে কালি এই কথা প্ৰকাশ কৰে। দক্ষিণ কেলিফর্ণিয়াত অৱস্থিত পমনাৰ পৰা লছ এঞ্জেলছৰ দূৰত্ব প্রায় ৫০ কিলোমিটাৰ। ক্রিকেট প্রতিযোগিতা টি-২০ আৰ্হিত আৰু পুৰুষ তথা মহিলাৰ উভয় শাখাৰ ছটা দলৰ মাজত খেলোৱা হ’ব। অলিম্পিকত ইয়াৰ পূৰ্বে ১৯০০ চনত পেৰিছত অন্তিম বাৰৰ বাবে ক্রিকেট খেল অনুষ্ঠিত হৈছিল। ২০২৮ চনত ১৪ৰ পৰা ৩০ জুলাইলৈ লছ এঞ্জলেছ অলিম্পিক প্রতিযোগিতা অনুষ্ঠিত হ’ব।
Assamese | April 16, 2025 1:00 PM | 2028 Olympic Venue Plan Updates
২০২৮ বৰ্ষৰ লছ এঞ্জলেছ অলিম্পিকৰ ক্ৰিকেট খেলসমূহ পমনাৰ মেলাথলীত খেলপথাৰত অনুষ্ঠিত হব