সাহিত্য একাডেমীয়ে ২০২৫ বৰ্ষৰ যুৱ সাহিত্য আৰু শিশু সাহিত্য বঁটা লাভ কৰা ব্যক্তিসকলৰ নামৰ তালিকা প্রকাশ কৰিছে। অসমৰ সুপ্ৰকাশ ভূঞালৈ কুঁচিয়ানামা শীৰ্ষক চুটি গল্প সংকলনৰ বাবে যুৱ সাহিত্য বঁটা আৰু সুৰেন্দ্ৰ মোহন দাসলৈ মইনাহঁতৰ পদ্যৰ বাবে শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে। অমৰ খুংগুৰ বড়োৱে বড়ো ভাষাত লিখা অং অচুৰ কবিতা সংকলনৰ বাবে যুৱ সাহিত্য বঁটা আৰু বিনয় কুমাৰ ব্ৰহ্মই খান্থি বৌচন আৰ’ আখু ডানাই শিশু গল্প সংকলনৰ বাবে শিশু সাহিত্য বঁটা লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আটাইকেইজন বঁটা বিজয়ী সাহিত্যিক অভিনন্দন জনাইছে। কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালেও বঁটা লাভ কৰা চাৰিওগৰাকী সাহিত্যিকলৈ অভিনন্দন জ্ঞাপন কৰিছে । শ্ৰীসোণোৱালে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ভাষা-সাহিত্যৰ উৎকৰ্ষ সাধনেৰে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা এই যাত্রা অব্যাহত ৰাখিবলৈ তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে।
Assamese | June 18, 2025 8:39 PM | Sahitya Academy Award
২০২৫ বৰ্ষৰ যুৱ সাহিত্য আৰু শিশু সাহিত্য বঁটা লাভ কৰা ব্যক্তিৰ নামৰ তালিকা প্রকাশ