দৰঙৰ মৃদু ডেকাই একেলগে ৩ টা ববিনত সূতা ল’ব পৰা বিদ্যুৎ চালিত স্বয়ংক্রিয় যন্ত্ৰ উদ্ভাৱন কৰি ২০২৫ বৰ্ষৰ গুজৰাট শক্তি উদ্ভাবন এই বঁটাৰ বাবে বাছনি লাভ কৰিছে।
গুজৰাট শক্তি সংৰক্ষণ নিগম আৰু গুজৰাট উদ্ভাৱনমূলক উদ্যমশীলতা পৰিষদে আগবঢ়োৱা বঁটাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ উদ্ভাৱকৰ ১০ টা উদ্ভাৱনৰ ভিতৰত মৃদু ডেকাৰ এই যন্ত্ৰবিধো আছে।
দৰঙৰ বিষ্ণুপুৰ নিৱাসী তথা তামুলপুৰ পলিটেকনিকৰ পৰা কাৰিকৰী বিষয়ৰ ডিপ্ল’মাধাৰী ছাত্ৰগৰাকীৰ এই উদ্ভাৱনে অসমৰ শিপিনীৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে। ২২ জুলাইত গুজৰাটত হ’বলগীয়া এটা অনুষ্ঠানত উদ্ভাৱক ছাত্ৰগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।