২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত আজি স্কুটাৰ প্ৰদান কাৰ্য্যসূচী আৰম্ভ হৈছে। এইবাৰ এই বঁটা লাভ কৰা ১১,২৫০ গৰাকী শিক্ষার্থীৰ ভিতৰত ৬,৮৬০ গৰাকী ছাত্ৰী আৰু ৪,৩৯০ গৰাকী ছাত্র আছে। এই উপলক্ষে গুৱাহাটীৰ পাঞ্জাৱাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডা০ ৰণোজ পেগু উপস্থিত থাকে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰীয়ে এই বঁটা লাভ নকৰে।
Assamese | December 8, 2025 11:32 AM
২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান