২০২৫ বৰ্ষত হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ এখন ভুৱা সময়সূচী সামাজিক একাংশ মাধ্যমযোগে প্ৰচাৰ হৈ থকাটো দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বর্ডে এইক্ষেত্ৰত স্থিতি স্পষ্ট কৰিছে। ব’ৰ্ডৰ বিষয়ববীয়াই কয়, যে অহা বছৰত হ’বলগীয়া হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী এতিয়াও প্ৰকাশ কৰা হোৱা নাই। বৰ্ডে এই সময়সূচী চূড়ান্ত কৰাৰ লগে লগে সকলো মাধ্যমতে ইয়াৰ প্ৰচাৰ কৰা হ’ব বুলি ব’ৰ্ডৰ সূত্ৰই প্ৰকাশ কৰে। আনহাতে সামাজিক মাধ্যমত সম্প্ৰতি প্ৰচাৰ হৈ থকা এই সময়সূচী ভুৱা বুলিও তেওঁলোকে স্পষ্ট কৰি দিয়ে ।
Assamese | November 15, 2024 7:38 PM | ASSEB
২০২৫ বৰ্ষত হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ভুৱা সময়সূচী সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডৰ স্থিতি স্পষ্ট