কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, কেন্দ্ৰীয় আৰক্ষী সংস্থা আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৬৩ গৰাকী ব্যক্তিক ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক প্ৰদান কৰা হৈছে। বিশেষ অভিযান, তদন্ত, গোপন আৰু ফৰেণচিক বিজ্ঞান ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট কাৰ্যক মান্যতা প্ৰদান কৰাৰ লগতে উচ্চ পেছাদাৰী মানৰ প্ৰসাৰ তথা বিষয়াসকলক উৎসাহিত কৰাৰ বাবে এই পদক প্ৰদান কৰা হয় । কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত এই বঁটা প্ৰণয়ন কৰিছিল। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰতিবছৰে ৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তীৰ লগত সংগতি ৰাখি এই পদকসমূহ ঘোষণা কৰা হ’ব।
Assamese | October 31, 2024 5:32 PM | Ministry of Home
২০২৪ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক প্ৰদান