২০২৩-২৪ বৰ্ষত গ্ৰাম্য সাক্ষৰতা পঞ্জীয়ন ২০২২-২৩ বৰ্ষতকৈ সামান্য বৃদ্ধি পোৱা বুলি শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে প্ৰকাশ কৰে। ৰাজ্যসভাৰ লিখিত প্রশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে কয়, যে গ্রাম্য সাক্ষৰতা হাৰ যোৱা বৰ্ষৰ ৭৭ শতাংশৰ পৰা এই বৰ্ষত ৭৭ দশমিক ৫ শতাংশলৈ বৃদ্ধি পাইছে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ২০২৩-২৪ বৰ্ষত পুৰুষৰ সাক্ষৰতা হাৰ ৮৪ দশমিক ৭ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে গ্রাম্য মহিলাৰ সাক্ষৰতাৰ হাৰ ৭০ দশমিক ৪ শতাংশলৈ বৃদ্ধি পাইছে।
Assamese | December 5, 2024 1:06 PM | Jayanta Choudhary
২০২৩-২৪ বৰ্ষত গ্ৰাম্য সাক্ষৰতা পঞ্জীয়ন ২০২২-২৩ বৰ্ষতকৈ সামান্য বৃদ্ধি পাইছে : ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰী