দেশত ব্যাপক সজাগতা অভিযান আৰু নতুনকৈ গ্ৰহণ কৰা ভালেমান ব্যৱস্থাৰ বাবে অংগদান, অংগ সংৰোপণ আৰু কলা দান বৃদ্ধি পাইছে। লোকসভাত আজি এটা লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী প্ৰতাপ ৰাও যাধৱে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২৩ চনত দেশত ১৮ হাজাৰৰো অধিক অংগ সংৰোপণ আৰু ১৬ হাজাৰ ৫৪২ টা অংগ দান পঞ্জীয়ন হৈছে। তেওঁ কয়, যে ২০১৮ চনত অংগ সংৰোপণৰ সংখ্যা আছিল প্ৰায় ৭ হাজাৰ আৰু অংগ দানৰ সংখ্যা আছিল ৬,২৯৪।
Assamese | December 13, 2024 8:37 PM | India | pratap rao jadhav | State Central Minister
২০২৩ চনত দেশত ১৮ হাজাৰৰো অধিক অংগ সংৰোপণ আৰু ১৬ হাজাৰ ৫৪২ টা অংগ দান পঞ্জীয়ন হৈছেঃ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী প্ৰতাপ ৰাও যাধৱে