প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৭৪ চনত কচ্চাথিৰু দ্বীপ শ্রীলংকাক গতাই দিয়াৰ বাবে কংগ্ৰেছক তীব্র সমালোচনা কৰিছে। তেওঁ দেশৰ একতা, অখণ্ডতা আৰু স্বাৰ্থ দুৰ্বল কৰাটো কংগ্ৰেছৰ ৭৫ বছৰীয়া কর্মশৈলী বুলি দাবী কৰিছে। তামিলনাডু বিজেপিৰ মুৰববী কে অন্নামলাইয়ে তথ্য জনাৰ আইনৰ অধীনত কচ্চাথিৰু দ্বীপ সম্পর্কে লাভ কৰা তথ্যৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে, কংগ্ৰেছে অতি সহজে কচ্চাথিৰু দ্বীপ শ্রীলংকাক গতাই দিয়াটো সঁচাকৈ আচৰ্য্যৰ কথা তেওঁ কয় যে, কংগ্ৰেছৰ এই কাৰ্যই প্ৰতিগৰাকী ভাৰতীয়ক ক্ষোভিত কৰি তুলিছে আৰু তেওঁলোকে এতিয়া আৰু দলটোক কোনো কাৰণতে বিশ্বাস নকৰে ।
Assamese | March 31, 2024 6:34 PM | PM
১৯৭৪ চনত কচ্চাথিৰু দ্বীপ শ্রীলংকাক গতাই দিয়াৰ বাবে কংগ্ৰেছক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্র সমালোচনা