ৰাজ্য চৰকাৰে অহা ১৫ জানুৱাৰীৰ ভিতৰত চলিত বৰ্ষৰ কৃষক পঞ্জীয়ন প্রক্রিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি কৃষি মন্ত্ৰী আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। তিনিচুকীয়া অভিৱৰ্তন কেন্দ্ৰত কালি কৃষি আৰু জলসিঞ্চন বিভাগৰ এখন গুৰুত্বপূৰ্ণ পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ লগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি বা নামজাৰিৰ সমস্যাৰ বাবে যাতে কোনো যোগ্য কৃষক বঞ্চিত নহয় তাৰ বাবে জৰুৰী পদক্ষেপ ল’বলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ মাকুমত এটা নৱনিৰ্মিত ধান ক্রয় কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। কেন্দ্ৰটো শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে অতিৰিক্ত ১৯৯ টকাৰ চৰকাৰী ৰাজসাহায্যসহ প্ৰতি কুইণ্টল ধানৰ ন্যূনতম মূল্য দুহেজাৰ ৬৪০ টকালৈ বৃদ্ধি কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।
তিনিচুকীয়া ভ্ৰমণ সামৰি ডিব্ৰুগড়ত উপস্থিত হোৱা মন্ত্ৰী হাজৰিকাই ডিব্ৰুগড়-চাবুৱা-লাহোৱাল জলসিঞ্চন সংমণ্ডলৰ নৱনিৰ্মিত সন্মিলন কক্ষ উদ্বোধন কৰে। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলা কাৰ্যালয়ত অনুষ্ঠিত এখন বিস্তৃত পর্যালোচনা বৈঠকত সভাপতিত্ব কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৯২ দশমিক ৮-৫ শতাংশ কৃষক পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে আৰু শীঘ্ৰে বাকী ৮ শতাংশ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে কাছাৰ, ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ ভূমিজনিত সমস্যাৰ বাবে ৰাজ্যিক পৰ্যায়ত ২৭ লাখ পঞ্জীয়নৰ লক্ষ্যত কিছু প্ৰভাৱ পৰিব পাৰে যদিও বাকী জিলাসমূহে ১৫ জানুৱাৰীৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব লাগিব। পাছত ক্ষেত্ৰ পৰ্যায়ৰ পৰিদৰ্শন কাৰ্যসূচীৰ অংশ হিচাপে মন্ত্রী হাজৰিকাই ডিব্ৰুগড়ৰ মোহপুৱালিমৰা গাঁৱত জলসিঞ্চন বিভাগৰ এছ অ পি ডি-জি আঁচনিৰ অধীনত ৰূপায়িত মধ্যম গভীৰ নলীনাদ আঁচনি পৰিদৰ্শন কৰে। তেওঁ লগতে বগীবিল সেতুৰ সমীপৰ প্ৰস্তাৱিত মাখনা খেতিৰ স্থানো পৰিদৰ্শন কৰে।