হাৰিয়ানাৰ ৰোহটকৰ মহর্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত যোৱা ৩১ জুলাইৰ পৰা ২ আগষ্টলৈ অনুষ্ঠিত হোৱা ১৩ সংখ্যক শিক্ষার্থী অলিম্পিক ৰাষ্ট্ৰীয় গেমছ ২০২৬ত মৰিগাঁও মহাবিদ্যালয়ৰ শিক্ষার্থীয়ে পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। মহাবিদ্যালয়খনৰ ৯ গৰাকী শিক্ষার্থীয়ে সোণৰ, পদক আৰু এগৰাকী শিক্ষার্থীয়ে ৰূপৰ পদক অর্জন কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লীলাকান্ত বৰঠাকুৰে পদক বিজয়ী শিক্ষার্থীসকলক অভিনন্দন জ্ঞাপন কৰে।
Assamese | August 3, 2026 1:24 PM | 13th Student Olympic National Games
১৩ সংখ্যক শিক্ষার্থী অলিম্পিক ৰাষ্ট্ৰীয় গেমছ ২০২৬ত মৰিগাঁও মহাবিদ্যালয়ৰ শিক্ষার্থীৰ পদক জয়ে