সাহিত্য-সংস্কৃতি-ভাষা-ইতিহাস আদিকে ধৰি এলানি বৰ্ণিল কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই গ্রন্থমেলাত প্রায় ৭ কোটি টকাৰ কিতাপ বিক্ৰী হয় বুলি প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। আজি অন্তিম দিনাৰ সামৰণি অনুষ্ঠানত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব তথা শৈক্ষিক মুৰববী ড০ সচ্চিদানন্দ যোশীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। শ্ৰীযোশীয়ে অসম গ্রন্থমেলাত ৭ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱাতো অতি আনন্দৰ কথা বুলি উল্লেখ কৰি কয়, যে গ্ৰন্থই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ জ্ঞান কঢ়িয়াই নিয়া। অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই সভাপতিত্ব কৰা এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে।
Assamese | January 7, 2025 8:32 PM | Assam Book Fair | assam book fair khanapara
১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি