চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ১০০ মিলিগ্ৰামৰ অধিক নিমেছুলাইডযুক্ত সকলো ঔষধৰ প্ৰস্তুত, বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে আজি এটা নির্দেশযোগে এই কথা প্ৰকাশ কৰে। ঔষধৰ কাৰিকৰী পৰামৰ্শদাতা পৰিষদৰ পৰামৰ্শ অনুসৰি ঔষধ আৰু কছমেটিক্চ আইন ১৯৪০ৰ ২৬ ক ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। অধিক পৰিমাণে নিমেছুলাইডযুক্ত ঔষধ সেৱনে মানুহৰ জীনৱলৈ বিপদ নমাই আনিব পাৰে বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। নির্দেশটোত লগতে নিমেছুলাইডৰ পৰিৱৰ্তে বজাৰত উপলব্ধ আন নিৰাপদ বিকল্প ঔষধ সেৱন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে।
Assamese | December 31, 2025 7:48 PM | Nimesulide Ban
১০০ মিলিগ্ৰামৰ অধিক নিমেছুলাইডযুক্ত সকলো ঔষধৰ প্ৰস্তুত, বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ