November 9, 2026 12:34 PM | Navy Rescue

printer

য়েমেনত আৱদ্ধ হৈ থকা ১৯ ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে স্বদেশলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া অব্যাহত

য়েমেনৰ হ’ডেইডাহ আৰু চানাআত যোৱা দুসপ্তাহে আৱদ্ধ হৈ থকা ১৯ ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ লগতে স্বদেশলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া অব্যাহত আছে। য়েমেনত থকা ভাৰতীয় দূতাবাসে কালি নাৱিককেইজন নিৰাপদে আৰু সুস্বাস্থ্যৰে আছে বুলি প্রকাশ কৰিছে। দূতাবাসে সামাজিক মাধ্যমৰ এটা বার্তাত নাবিককেইগৰাকীৰ উদ্ধাৰৰ বাবে আগবঢ়োৱা সহযোগিতাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে কৃতজ্ঞতা জ্ঞাপন কৰে। ভাৰতে এখন য়টত য়েমেনৰ উপকূলীয় সমীপৱৰ্তী সাগৰত ১৪ গৰাকী নাৱিকক উদ্ধাৰ বাবে জনোৱা আবেদনৰ কেইদিনমানৰ পাছতে দেশখনে তেওঁলোকৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে। যোৱা ২৬ অক্টোবৰত ভাৰতে য়টখনত থকা ভাৰতীয় নাৱিককেইগৰাকী নিৰাপদে থকা আৰু য়টত সংঘটিত ঘটনা সন্দৰ্ভত সংশ্লিষ্ট পক্ষৰ সৈতে যোগাযোগ কৰিবলৈ সমৰ্থ হৈছে বুলি প্রকাশ কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।