ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্য্যবাহী সভাপতি হেমন্ত চোৰেণ পুনৰ ঝাৰখণ্ডৰ ক্ষমতাৰ বাঘজৰী ল’বলৈ সাজু হৈছে। আজি অনুষ্ঠিত আই এন ডি আই মিত্ৰজোটৰ জে জে এম, কংগ্ৰেছ আৰু আৰ জে ডিৰ বিধায়কসকলৰ বৈঠকত হেমন্ত চোৰেণক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্রী চম্পা চোৰেণৰ ৰাঁচীৰ বাসগৃহত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিধি বলবৎকাৰী সঞ্চালকালয়ে ৩১ জানুৱাৰীত ক’লা ধন বৈধকৰণৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছত হেমন্ত চোৰেণে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল।
Assamese | July 3, 2024 8:42 PM | Hemant Soren
হেমন্ত চোৰেণ পুনৰ ঝাৰখণ্ডৰ ক্ষমতাৰ বাঘজৰী ল’বলৈ সাজু