June 20, 2026 10:38 PM | hoogle pm

printer

হুগলি জিলাৰ তাৰাকেশ্বৰত আয়োজিত পশ্চিমবংগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ; পিএম কিষাণ আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হুগলি জিলাৰ তাৰাকেশ্বৰত আয়োজিত পশ্চিমবংগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ লগতে দেশৰ ৯ কোটি ৪৪ লাখৰো অধিক কৃষক উপকৃত কৰাৰ বাবে ১৮ হাজাৰ ৮৮০ কোটি টকাৰ  পিএম কিষাণ আঁচনিৰ ২৩ সংখ্যক কিস্তি মুকলি কৰি দিয়ে। 

শ্রীমোদীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুৱেন্দু অধিকাৰীৰ সৈতে পশ্চিমবংগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে ৰে’ল, কৃষি, গ্রাম্য উন্নয়ন, মীন পালন আৰু পশুপালন ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা স্থাপন কৰে। 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ উন্নয়নৰ হ’কে বিজেপি চৰকাৰে দ্ৰুত গতিত কাম কৰা আৰম্ভ কৰিছে। তেওঁ লগতে ঐতিহাসিক পশ্চিমবংগ দিৱসে ৰাজ্যখনৰ উন্নয়নক অনুপ্ৰাণিত কৰিব বুলিও আশা প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।