হাৰিয়ানাৰ ৰোহকৰ মহর্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত যোৱা ৩১ জুলাইৰ পৰা ২ আগষ্টলৈ অনুষ্ঠিত হোৱা ১৩ সংখ্যক শিক্ষার্থী অলিম্পিক ৰাষ্ট্ৰীয় গেমছ ২০২৬ত মৰিগাঁও মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।
মহাবিদ্যালয়খনৰ ৯ গৰাকী শিক্ষাৰ্থীয়ে সোণৰ, পদক আৰু এগৰাকী শিক্ষাৰ্থীয়ে ৰূপৰ পদক অৰ্জন কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লীলাকান্ত বৰঠাকুৰে পদক বিজয়ী শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে।