অসমে হাৰিয়ানাৰ ৰ’হটকত অনুষ্ঠিত ১৭ বছৰ অনূৰ্ধ্ব ষষ্ঠ ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিং প্রতিযোগিতাত চাৰিটা ব্ৰঞ্জৰ পদকেৰে অভিযান সামৰিছে। আজি সামৰণি পৰা প্ৰতিযোগিতাখনত অসমৰ হৈ মনিকা দলে ৪৪ৰ পৰা ৪৬, নমিতা সিঙে ৫২ৰ পৰা ৫৬, ধান্তি শইকীয়াই ৬০ৰ পৰা ৬৩ আৰু জয়শ্ৰী ডেকাই ৭৫ৰ পৰা ৯০ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। অসম বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতাই এই কথা প্রকাশ কৰিছে।
Assamese | June 25, 2025 8:47 PM | haryana u17 boxing
হাৰিয়ানাৰ ৰ’হটকত অনুষ্ঠিত ১৭ বছৰ অনূৰ্ধ্ব ষষ্ঠ ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিং প্রতিযোগিতাত অসমৰ চাৰিটা ব্ৰঞ্জৰ পদক