হাৰিয়ানাৰ গুৰুগ্ৰামৰ অৰ্জুন নগৰ অঞ্চলত এখন শ্মশানৰ দেৱাল ভাগি পৰাৰ ফলত এজনী ছোৱালীকে ধৰি চাৰিজন লোকৰ মৃত্যু হয়। এই দেৱালখন ভাগি পৰাৰ ফলত দুটি শিশু আৰু চাৰিজন লোক ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ পৰে। আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ লোককেইজনক উদ্ধাৰৰ কৰাৰ বাবে চলায় যদিও এটি শিশু আৰু তিনিজন লোক উদ্ধাৰ কৰাৰ পূৰ্বেই মৃত্যুমুখত পৰে। আনহাতে এজন আঘাতপ্রাপ্ত লোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনা সন্দৰ্ভত কর্তৃপক্ষই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
Assamese | April 21, 2024 12:18 PM | Hariyana incident
হাৰিয়ানাৰ গুৰুগ্ৰামত দেৱাল ভাগি পৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু