কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা বিজেপি নেতা অনুৰাগ সিং ঠাকুৰে আজি হিমাচল প্ৰদেশৰ হামিৰপুৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফেছৰ প্ৰেম কুমাৰ ধুমল উপস্থিত থাকে। শ্রীঠাকুৰে হামিৰপুৰ সংসদীয় সমষ্টিৰ পৰা এতিয়ালৈকে একেৰাহে চতুৰ্থবাৰ নিৰ্বাচনত জয়লাভ কৰিছে আৰু এইবাৰ পঞ্চমবাৰৰ বাবে তেওঁ এই আসনখনৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে। আনহাতে, চিমলা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ সুৰেশ কাশ্যপেও আজি মনোনয়ন দাখিল কৰে। কংগ্ৰেছ প্রার্থী বিনোদ চুলতানপুৰীয়েও এই আসনখনৰ বাবে মনোনয়ন দাখিল কৰিছে।
Assamese | May 13, 2024 8:24 PM | Anurag singh thakur
হামিৰপুৰ সংসদীয় সমষ্টিৰ পৰা অনুৰাগ সিং ঠাকুৰৰ মনোনয়ন পত্ৰ দাখিল