November 2, 2026 11:23 AM | Hyolo open

printer

হাইল’ অপেন বেডমিণ্টন প্রতিযোগিতাত লক্ষ্য সেন আৰু পি ভি সিন্ধুৰ খিতাপ অর্জন

ভাৰতৰ লক্ষ্য সেন আৰু পি ভি সিন্ধুৱে ছাৰব্ৰুকেনত অনুষ্ঠিত হাইল’ অপেন বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ ছিংগলছৰ খিতাপ জয় কৰিছে। পি ভি সিন্ধুৱে কালি ফাইনেলত ডেনমার্কৰ লাইন কজৰ্ছফেল্ডক ২১-১২, ২১-১৪ৰ ব্যৱধানত পৰাস্ত কৰি হাইল’ অপেনৰ ছিংগলছৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে বিবেচিত হয়। ইপিনে লক্ষ্য সেনে ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াৰ জোনাটন ক্রিস্তিক ২১-১৭, ২১-১০ৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে এই প্রতিযোগিতাত পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰে। এয়া হৈছে লক্ষ্যৰ চলিত বছৰৰ প্ৰথমটো বি ডব্লিউ এফ খিতাপ ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।