যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা দেশজুৰি চলি থকা স্বচ্ছতা হি সেৱা ২০২৪ অভিযানৰ অংশস্বৰূপে গুৱাহাটী পৌৰ নিগমেও বিভিন্ন কার্যসূচী ৰূপায়ণ কৰা বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিছে। তেওঁ লগতে জনায় যে ১৭ ছেপ্তেম্বৰত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী অশোক সিংঘলৰ উপস্থিতিত গীতামন্দিৰত গছপুলি ৰোপণ কাৰ্যসূচীৰে এই অভিযানৰ শুভাৰম্ভ কৰা হয় আৰু এতিয়ালৈ আত্মসহায়ক গোটৰ জৰিয়তে সাংস্কৃতিক অনুষ্ঠানকে ধৰি গ্ৰীণ হাটৰ আয়োজন, ৰাজহুৱা শৌচাগাৰ পৰিষ্কাৰ, চাফাই কৰ্মচাৰীসকলৰ বাবে চিকিৎসা শিবিৰ আয়োজনকে ধৰি বিভিন্ন কাৰ্যসূচী এতিয়ালৈ ৰূপায়ণ কৰা হৈছে।
Assamese | September 28, 2024 11:12 AM | Swacchata Hi Sewa
স্বচ্ছতা হি সেৱা ২০২৪ অভিযানৰ অংশস্বৰূপে গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন কার্যসূচী ৰূপায়ণ