তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত চলিত বৰ্ষৰ স্বচ্ছতা হি সেৱা অভিযানত অংশগ্ৰহণ কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বচ্ছতা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনত আলোকপাত কৰে। তেওঁ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰিৱেশ বহন ক্ষমতাৰ বাবে মন্ত্ৰ্যালয়ৰ বিষয়াসকলক শপত বাক্য পাঠ কৰোৱায়। এক পেড় মা কে নাম উদ্যমৰ অধীনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সূচনা ভৱনত এটি গছপুলি ৰোপন কৰে আৰু পৰিৱেশৰ প্ৰতি থকা ব্যক্তিগত দায়িত্বত আলোকপাত কৰি মন্ত্ৰ্যালয়ৰ কৰ্মচাৰীসকলৰ মাজত গছপুলি বিতৰণ কৰে । অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগান আৰু সচিব সঞ্জয় জাজুকে ধৰি অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে।
Assamese | September 26, 2024 10:32 AM | Swacchata Hi Sewa
স্বচ্ছতা হি সেৱা অভিযানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ অংশগ্ৰহণ