নাছাই প্ৰকাশ কৰা অনুসৰি স্পেচ এক্সে আমেৰিকা, জাপান আৰু ৰাছিয়াৰ চাৰিজন মহাকাশচাৰীক কালি নিৰাপদে পৃথিৱীলৈ উভতাই আনিছে। নাছাৰ মহাকাশচাৰী এন্নে মেকক্লেইন আৰু নিকোল আয়াৰ্ছ, জাপানৰ মহাকাশচাৰী টাকুয়া অনিছি আৰু ৰাছিয়াৰ মহাকাশচাৰী কিৰিল পেচকোভে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত প্রায় ১৪৮ দিন কটোৱাৰ পাছত কালি পৃথিৱীলৈ উভতি আহে। যোৱা মাৰ্চ মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত অৱতৰণ কৰি মহাকাশচাৰীৰ চাৰ্জিনীয়া দলটোৱে বিজ্ঞানৰ গৱেষণা চলাইছিল। নাছাৰ বিষয়াসকলে ব্লগ পোষ্টত লিখা অনুসৰি, মহাকাশচাৰীৰ দলটোৱে আই এছ এছত থকাৰ সময়ছোৱাত মহাকাশত থকাৰ ফলত মহাকাশচাৰীসকলৰ মানসিক তথা শাৰীৰিক পৰিৱৰ্তন, মগজুৰপৰা হৃদপিণ্ডলৈ তেজৰ চলাচল আদি বিভিন্ন বিষয় অধ্যয়ন কৰিছিল।
Assamese | August 10, 2025 11:33 AM | NASA
স্পেচ এক্সে আমেৰিকা, জাপান আৰু ৰাছিয়াৰ চাৰিজন মহাকাশচাৰীক নিৰাপদে পৃথিৱীলৈ উভতাই আনিছে বুলি নাছাৰ প্ৰকাশ