ৰাজ্যৰ কেইবাখনো জিলাত আজি স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে এই পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰা লগতে পৰীক্ষা প্ৰক্ৰিয়াত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ বাবে পৰীক্ষা চলি থকা সময়ছোৱাত সমগ্র ৰাজ্যখনতে পুৱা চাৰে আঠ বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰে। উল্লেখযোগ্য যে আজি পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হয়। আনহাতে দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হয়। পৰীক্ষা অন্ত পৰাৰ পিছত প্ৰাৰ্থীসকলক প্ৰশ্নকাকতখন নিজৰ লগত আনিবলৈ দিয়া হৈছে। আজি কৰিমগঞ্জ জিলাতো এই পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত হয়। জিলাখনত ৯ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে এই পৰীক্ষাৰ বাবে অৱতীৰ্ণ হৈছিল।
Assamese | September 29, 2024 7:09 PM | ADRE Exam
স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গ আৰু চালক পদৰ বাবে শান্তিপূর্ণভাৱে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত