স্কীল ইণ্ডিয়া উদ্যমে অগণন লোকক উপকৃত কৰিছে, তেওঁলোকক নতুন উদ্যমেৰে সবল কৰি তুলিছে আৰু লোকসকলৰ বাবে ন-ন সুযোগৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে সামাজিক মাধ্যমত লিখা এটা প’ষ্টত সঁহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্তব্য প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কয়, যে স্কীল ইণ্ডিয়া অভিযানে ১০ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে চৰকাৰে এই অভিযানৰ জৰিয়তে দক্ষ আৰু স্বাৱলম্বী যুৱ শক্তি সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছে। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে এই অভিযানে দেশক বিকশিত ভাৰত হিচাপে নিৰ্মাণ কৰাৰ লক্ষ্যৰে যুৱচামক নতুন দক্ষতা আৰু বিশ্বৰ শ্ৰেষ্ঠ পদ্ধতিসমূহৰ জৰিয়তে দক্ষ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যক শক্তিশালী কৰি তুলিছে।
Assamese | July 16, 2025 12:33 PM | PM - Skill India
স্কীল ইণ্ডিয়া অভিযানৰ ১০ বছৰ সম্পূৰ্ণ