চৰাইদেউ জিলা প্রশাসনে সোণাৰি মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা পৰ্য্যায়ৰ ভূমি ক্রয় সমিতিয়ে অসমমালা আঁচনিৰ তৃতীয় পৰ্য্যায়ত ভজো ৰেলৱে ক্ৰছিঙৰ পৰা জাজৰি পাঁচআলিলৈকে পথছোৱাৰ উন্নীতকৰণৰ বাবে মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ভূমি ক্ৰয়ৰ জৰিয়তে অধিগ্ৰহণৰ সিদ্ধান্ত গ্রহণ কৰিছে। ভূমি অধিগ্রহণ কৰিবলগীয়া গাঁওসমূহৰ ভিতৰত কাকতিবাৰী গ্রান্ট, জাপিধৰা, লিকচন, দিছাংকোষ হাবি, বুঢ়াগোহাঁইবাৰী, গড়কোষ অন্যতম। মাহমৰা ৰাজহ চক্ৰ আৰু জিলা আয়ুক্তৰ কাৰ্য্যালয়ত অধিগ্রহণ কৰিবলগীয়া মাটিৰ দাগ নম্বৰ, পাট্টা নম্বৰ আদিৰ সবিশেষ তথ্য প্রকাশ কৰা হৈছে। তথ্যত উল্লেখ থকা মাটিৰ গৰাকীয়ে ভূমি বিক্ৰীৰ বাবে আগবাঢ়ি আহিব পাৰে অথবা জাননী প্ৰকাশৰ এমাহৰ ভিতৰত জিলা পৰ্য্যায়ৰ ভূমি ক্রয় সমিতিৰ অধ্যক্ষৰ ওচৰত আপত্তি দর্শাব পাৰে।
Assamese | June 24, 2026 8:01 PM | land acquisition
সোণাৰি মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ