জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত কালি নিশা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰতিকূল বতৰৰ মাজতো নিশা পর্যন্ত বহু অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ আহি প্ৰাণৰ শিল্পীগৰাকীক শ্রদ্ধা নিবেদন কৰে। ইফালে চৰকাৰে জুবিন গাৰ্গৰ সমাধি ক্ষেত্রকলৈ জাৰি কৰা নির্দেশনা কালিৰে পৰা প্ৰযোজ্য হৈছে। উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি পুৱা ছয় বজাৰ পৰা নিশা ১০ বজালৈহে দর্শনার্থীয়ে সমাধিস্থলীত শ্রদ্ধাঞ্জলি জনাব পাৰিব। যোৰহাটৰ সাংসদৰ গৌৰৱ গগৈয়ে চৰকাৰৰ এই নির্দেশনা সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি কয়, যে জুবিন গাৰ্গৰ অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ আহিবৰ বাবে কোনো নির্দেশা থাকিব নালাগে। ইচ্ছা অনুসাৰে সকলো অনুৰাগীয়ে জুবিন ক্ষেত্রলৈ আহিব পৰাকৈ অনুমতি থাকিব লাগে বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | October 25, 2025 12:00 PM | Gaurav Gogoi
সোণাপুৰৰ জনতাৰ শিল্পী জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত সাংসদ গৌৰৱ গগৈৰ শ্রদ্ধাঞ্জলি জ্ঞাপন