October 7, 2026 11:36 AM | Sewa jyoti

printer

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি আজি সেৱা জ্যোতি কলহ যাত্ৰা

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্রা অনুষ্ঠিত হ’ব। ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে এই কথা প্ৰকাশ কৰি কয়, যে এই যাত্ৰাৰ জৰিয়তে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হ’ব। কাৰ্যসূচী সন্দৰ্ভত দলৰ মুখপাত্র মিতা নাথ বৰাই কয়, যে এই যাত্ৰাত জ্যেষ্ঠ মহিলা কৰ্মী আৰু যুৱ সমাজে হাতে হাতে সেৱা জ্যোতি কলহ লৈ অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক তথা জ্যেষ্ঠ সাংগঠনিক নেতাসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই যাত্ৰাত অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।