দেশৰ সুৰক্ষাৰ সেৱাত নিয়োজিত সেনা বাহিনীৰ বাবে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰা বিশেষ অনুষ্ঠানত অংশ লোৱা তিনিগৰাকী জনপ্রিয় ঘোষকৰ অনুভৱ আৰু অভিজ্ঞতাৰে কালি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত অংশ লৈ প্রাক্তন ঘোষিকা তথা অনুষ্ঠান প্রস্তুতকর্তা তাপসী সেনগুপ্ত, সাধনা ফুকন আৰু দিবাকৰ গোস্বামীয়ে অনুষ্ঠান পৰিৱেশনৰ সময়ত লাভ কৰা অম্ল মধুৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানৰ আন এগৰাকী জনপ্রিয় ঘোষিকা প্রয়াত বিমলেশ আর্যকো অনুষ্ঠানত সোঁৱৰণ কৰা হয়। অনুষ্ঠানত বর্তমান কলকতাস্থিত তাপসী সেনগুপ্তই টেলিফোনযোগে অংশ লৈ এই কাৰ্যসূচীয়ে কেনেদৰে বিপুল জনপ্রিয়তা লাভ কৰিছিল এই বিষয়ে উল্লেখ কৰে। প্রতি সপ্তাহে চিঠি-পত্ৰৰ অনুষ্ঠানত ৫ শতাধিক চিঠি আহিছিল বুলিও তেওঁ কয়। এই অনুষ্ঠানত সাধনা ফুকনে অসম আন্দোলনৰ দৰে প্ৰত্যাহ্বানপূর্ণ পৰিস্থিতিত কাৰ্যসূচী চলাই যোৱাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। একেদৰে দিবাকৰ গোস্বামীয়েও এই অনুষ্ঠানত নিজৰ মনৰ ভাৱ প্রকাশ কৰে। অনুষ্ঠানটোৰ পৰিচালনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰবৰী ৰাজীৱ লোচন বৰঠাকুৰৰ।
Assamese | November 30, 2025 11:53 AM | Akashvani Dristripat
সেনা বাহিনীৰ বাবে আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰা বিশেষ অনুষ্ঠানত অংশ লোৱা তিনিগৰাকী জনপ্রিয় ঘোষকৰ অনুভৱ আৰু অভিজ্ঞতাৰে দৃষ্টিপাত অনুষ্ঠান