বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ খণ্ড উন্নয়ন বিষয়া খুৰচিদা খানম আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া নেকিব আহমেদক দুর্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে সহকাৰী খণ্ড উন্নয়ন বিষয়াগৰাকীৰ নলবাৰীৰ কলাফকিৰতোলাত অৱস্থিত বাসগৃহত কালি সন্ধিয়া অভিযান চলায়। উল্লেখ্য যে কালি দিনৰ ভাগত দুর্নীতি নিবাৰক শাখাই সৃজনগ্রাম উন্নয়ন খণ্ডত অভিযান চলাই খণ্ড উন্নয়ন বিষয়া আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া দুগৰাকীক উৎকোচ লোৱা অৱস্থাত হাতে-লোতে ধৰা পেলায়। আঁচনিৰ বিল পাছ কৰি দিয়াৰ বাবদ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ হৈ অভিযোগকাৰীৰ পৰা সহকাৰী উন্নয়ন বিষয়াগৰাকীয়ে ১৬ হাজাৰ টকা উৎকোচ হিচাপে লৈছিল।
Assamese | August 17, 2024 11:23 AM | Arrest
সৃজনগ্ৰামৰ খণ্ড উন্নয়ন বিষয়া, সহকাৰী খণ্ড উন্নয়ন বিষয়াক দুর্নীতি নিবাৰক শাখাৰ গ্ৰেপ্তাৰ