শিক্ষা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক বিদ্যালয় সুৰক্ষা আৰু নিৰাপত্তা নিৰ্দেশাৱলী, ২০২১ ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগে শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা আইনৰ নীতি-নিৰ্দেশনা অনুসৰি এই নিৰ্দেশাৱলী যুগুতাই উলিয়াইছে। এই নিৰ্দেশাৱলীত চৰকাৰী, চৰকাৰী সাহায্যপ্রাপ্ত আৰু ব্যক্তিগত বিদ্যালয়ত অধ্যয়নৰত শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত বিদ্যালয় প্ৰশাসনৰ উত্তৰ দায়িত্ব নিশ্চিত কৰাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰি নিৰ্দেশনাৱলীত সতর্কতামূলক শিক্ষা, বিভিন্ন পক্ষৰ উত্তৰদায়িত্ব নিৰ্ধাৰণ কৰা, অৱগত কৰাৰ প্ৰক্ৰিয়া, যাৱতীয় আইনী ব্যৱস্থা, সহায়, সমর্থন, পৰামৰ্শ আৰু সুৰক্ষিত বাতাবৰণৰ ব্যৱস্থাৰ উল্লেখ আছে।
Assamese | August 23, 2024 7:39 PM | Ministry of Education
সুৰক্ষা আৰু নিৰাপত্তা নিৰ্দেশাৱলী, ২০২১ ৰূপায়ণ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশ