শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ৰীগৰ পৰা যোৱা ১১ দিনে হৈ থকা গেছ নির্গমন সম্পৰ্কত প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক কে এন চাংমাই সংবাদ মাধ্যমক সম্বোধন কৰি সুৰক্ষাৰ সকলো নিয়ম মানি গেছ নিয়ন্ত্ৰণৰ চেষ্টা কৰি থকা বুলি জনায়। বিষয়াগৰাকীয়ে স্পষ্টকৈ কয়, যে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ সহায়ত ঘটনাস্থলীত কাম চলি আছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ পৰৱৰ্তী কেপি অভিযানৰ বাবে ৰীগটো সাজু কৰা হৈছে। গেছ নির্গমন কেতিয়া নিয়ন্ত্ৰণলৈ আহিব সেই সম্পর্কে এতিয়াও নিশ্চিতকৈ ক’ব নোৱাৰি বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে শীঘ্ৰেই গেছ নিয়ন্ত্ৰণৰ বাবে কাম কৰি থকা হৈছে বুলি জনায়। উল্লেখযোগ্য যে যোৱা ১১ দিনে ৰীগটোৰ পৰা হৈ থকা গেছ নিগমনে ভটিয়াপাৰ অঞ্চলটোত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। অ’ এন জি চিৰ বিশেষ দল, প্রশাসন, দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ সকলো মিলি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম হৈ আছে।
Assamese | June 22, 2025 7:31 PM | Gas Leak
সুৰক্ষাৰ সকলো নিয়ম মানি গেছ নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত অ’ এন জি চিৰ