উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি লাডাখৰ লেহত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি তেওঁ কয় যে সুস্থ, সুখী আৰু শান্তিপূর্ণ সমাজ গঠনৰ বাবে নাগৰিকসকলে যোগাসনক দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে সামৰি লোৱা উচিত।
তেওঁ লগতে কয় যে যোগাসন কেৱল শাৰীৰিক ব্যায়ামেই নহয়, ই মানৱ জাতিৰ বাবে ভাৰতৰ এক প্রাচীন উপহাৰ। বহু বছৰৰ ধ্যান, তপস্যা আৰু আধ্যাত্মিক অনুশীলনৰ জৰিয়তে ঋষি-মুনিসকলে যোগাসন বিকশিত কৰি তুলিছিল বুলি উল্লেখ কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যোগাসনে শৰীৰক পুষ্টি প্ৰদান কৰে, মন শান্ত কৰে আৰু আত্মাক উন্নীত কৰে।
যোগাসনৰ এই বছৰৰ মূল বিষয়বস্তু সন্দৰ্ভত মন্তব্য কৰি শ্ৰীৰাধাকৃষ্ণণে কয় যে স্বাস্থ্যৰ সেৱাৰ উন্নতি আৰু বর্ধিত আয়ুসে সমাজৰ বাবে নতুন দায়িত্ব কঢ়িয়াই আনিছে। লাডাখৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ প্ৰসঙ্গ উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে লাডাখৰ জনসাধাৰণৰ সৰলতা আৰু প্ৰকৃতিৰ সৈতে একাত্মবোধ হ’ব পৰা গুণে তেওঁলোকক আনৰ পৰা পৃথক কৰি তুলিছে।
তেওঁলোকৰ জীৱন-ধাৰণৰ মূল্যবোধ যোগ দৰ্শনৰ সৈতে গভীৰভাৱ মিল আছে। ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকী লেহৰ দেৱচান চৌহদত অৱস্থিত মহাবোধি ইণ্টাৰনেচনেল মেডিটেচন চেণ্টাৰ পৰিদৰ্শন কৰে। লাডাখত শিক্ষা, স্বাস্থ্য সেৱা, সমাজ কল্যাণ তথা যোগ আৰু ধ্যানৰ প্ৰসাৰৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে আগবঢ়ো অৱদানক উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গভীৰ প্ৰশংসা কৰে।