জম্মু-কাশ্মীৰৰ কাথুৱা জিলাৰ ঘন জংঘলত নিৰাপত্তাৰক্ষীয়ে কালি সীমান্তৰ সিপাৰৰ পৰা অহা এটা সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়। সন্ত্রাসবাদী গোটটোৱে পাকিস্তান সীমান্তৰ মাত্র ৫ কিলোমিটাৰ দূৰত্বত ঘাটি পতাৰ তথ্য চোৰাংচোৱাৰ পৰা লাভ কৰাৰ পাছতে এই অভিযান চলোৱা হয় বুলি এটা চৰকাৰী সত্ৰত প্ৰকাশ পাইছে। বিশেষ অভিযান গোটৰ এটা আৰক্ষীৰ দলে সন্ত্রাসবাদীসকল ঘাটি পাতি থকা অঞ্চলটোত প্ৰৱেশ কৰাৰ সময়তে সন্ত্রাসবাদীসকলে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চলোৱাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ লোকেও প্রতি আক্রমণ চলায়। আধাঘণ্টা ধৰি অব্যাহত থকা এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই। অঞ্চলটোৰ ঘন জংঘলত ৫ জনকৈ সন্ত্রাসবাদীক প্রত্যক্ষ কৰিছিল বুলি কিছুসংখ্যক গাঁওবাসী মহিলাৰ প্ৰকাশ কৰিছিল। বিগত কেইবাটাও বছৰত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাসমূহৰ বিশ্লেষণ কৰি এইকথা লক্ষ্য কৰা হৈছে যে পাকিস্তানস্থিত সন্ত্রাসবাদীসকলে উধামপুৰ, ডোডা, খিষ্টোৱাৰ জিলাত প্ৰৱেশৰ বাবে কাথুৱাৰ পথ ব্যৱহাৰ কৰি আহিছে।
Assamese | March 24, 2025 11:17 AM | J&K Terrorist
সীমান্তৰ সিপাৰৰ পৰা অহা সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ তীব্ৰ অভিযান