কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে সামুদ্ৰিক আৰু জাহাজ নির্মাণ ক্ষেত্ৰত ভাৰতক বিশ্বৰ ভিতৰতে এখন আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ। নতুন দিল্লীত কালি ভাৰতীয় সামুদ্রিক ঐতিহ্য সন্মিলনৰ সামৰণি সত্ৰত ভাষণ দি শ্ৰীসোণোৱালে বন্দৰৰ কাম-কাজৰ পৰা আৰম্ভ কৰি বৃহৎ আন্তঃগাঁথনিৰ বিকাশলৈ দেশে বিশ্বমানৰ স্বীকৃতি লাভ কৰিছে বুলি মন্তব্য কৰে। শ্ৰীসোণোৱালে কয়, যে এই সন্মিলনে প্রাক্ ঐতিহাসিক জাহাজ নিৰ্মাণ আৰু ইয়াৰ সৈতে জড়িত আনুসংগিক পদ্ধতিত আলোকপাত কৰি আমাৰ বর্ণাঢ্য ইতিহাসক প্রতিফলিত কৰে। তেওঁ লগতে কয়, যে অনাগত দিনত লোথালত হ’বলগীয়া ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য প্রাংগণে ভাৰতৰ জাহাজ খণ্ডৰ সন্দৰ্ভত বিশ্ববাসীৰ ধাৰণাক পুনৰ ৰূপ দিব। ১১ খন দেশৰ বিশেষজ্ঞ আৰু শিক্ষাবিদসকলে অংশগ্রহণ কৰা এই দুদিনীয়া সন্মিলনত সামুদ্রিক খণ্ডৰ সমসাময়িক প্ৰত্যাহ্বানসমূহৰ বহনক্ষম সমাধানৰ সন্দৰ্ভত বিভিন্ন আলোচনা অনুষ্ঠিত হয়।
Assamese | December 13, 2024 10:10 AM | Sarbananda Sonowal
সামুদ্ৰিক আৰু জাহাজ নির্মাণ ক্ষেত্ৰত ভাৰতক বিশ্বত আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ : মন্ত্ৰী সৰ্বানন্দ সোণোৱাল