সাধাৰণ আৰু আঞ্চলিক দুয়োটা নির্বাচনতে বিজয় সাব্যস্ত কৰা গায়েনাৰ ৰাষ্ট্ৰপতি ইফান আলিক প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে শুভেচ্ছা জ্ঞাপন কৰে৷ সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, যে গায়েনাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত আৰু গায়েনাৰ অংশীদাৰিত্বক আৰু অধিক শক্তিশালী ৰূপত আগবঢ়াই নিব। প্রধানমন্ত্রী শ্রীমোডীৰ বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই, গায়েনাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে দুয়োদেশৰ মাজত থকা শক্তিশালী আৰু পাৰস্পৰিক সম্পৰ্কক আগুৱাই নিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা চৰকাৰ আৰু ভাৰতৰ জনসাধৰণৰ সৈতে কাম কৰি যাবলৈ আন্তৰিক আগ্ৰহ প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ১৯৬৫ চনতে ভাৰত আৰু গায়েনাৰ মাজত সম্পর্ক স্থাপিত হৈছিল আৰু ভাৰতে জর্জ টাউনত এটা আয়োগ স্থাপন কৰিছিল। ১৯৬৬ চনৰ ২৬ মেত গায়েনাৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ১৯৬৮ চনত পূৰ্বে স্থাপন কৰা আয়োগটো উচ্চায়োগলৈ উন্নীত কৰা হয়।
Assamese | September 7, 2025 11:36 AM | PM Modi Congratulation to Guyana's New President
সাধাৰণ আৰু আঞ্চলিক দুয়োটা নির্বাচনতে বিজয় সাব্যস্ত কৰা গায়েনাৰ ৰাষ্ট্ৰপতি ইফান আলিক প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা জ্ঞাপন